Skip to main content

কোন দিশে গতি কৰিছে ভাৰতীয় অৰ্থনীতি ?


লেখিকাঃ

পিনাজ ৰহমান, গড়আলি, যোৰহাট |

বৰ্তমান দেশৰ অৰ্থনৈতিক অৱস্থা উদ্বেগজনক বুলি মন্তব্য কৰিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট অৰ্থনীতিবিদ ড০ মনমোহন সিংয়ে | বৰ্তমান চৰকাৰৰ চূড়ান্ত অব্যবস্থাপনাই দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মূল কাৰণ বুলি বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে কৈছে |

দেশৰ মুঠ দেশীয় উৎপাদনৰ প্ৰবৃদ্ধি চলিত বিত্তীয় বৰ্ষত (২০১৯-২০২০) হৈছে গৈ ৫ শতাংশ | ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৩০ জুন পৰ্য্যন্ত এই হাৰ আছিল ৮ শতাংশ ! হঠাৎ দেশত এই অৰ্থনৈতিক বিপৰ্যয় কিয়  ? 

দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মূল কাৰণ হিচাপে আগবঢ়োৱা বিভিন্ন কাৰক সমূহৰ ভিতৰত বিমুদ্ৰাকৰণ এটা মূখ্য বিষয় | ১৩০ কৌটি জনতাৰ দেশত  হঠাৎ বিমুদ্ৰাকৰণৰ দৰে হঠকাৰী সিদ্ধান্ত লোৱাৰ ফলত দেশৰ ক্ষুদ্ৰ উদ্যোগৰ লগতে গ্ৰাম্য অৰ্থনীতিত ইয়াৰ কুপ্ৰভাৱ পৰে | ভাৰতৰ গাওঁ অঞ্চলসমূহত ব্যৱসায় বাণিজ্য মূলত নগদ ধনৰ ওপৰত ভিত্তি কৰি চলে | এনে চলমান অৰ্থনীতিৰ ওপৰত নগদ ধনৰ নাটনিয়ে প্ৰভাৱ পেলায় | নগদ ধনৰ অভাৱৰ ফলত ক্ৰয় বিক্ৰয়ত যতেষ্ঠ  প্ৰভাৱিত কৰে | যোগান ধৰাসকলে নগদ ধনৰ অভাৱত চাহিদা অনুসৰি যোগান ধৰিবলৈ অক্ষম হয় | যাৰ ফলত বহু ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ যোৱাৰ লগে লগে নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰে |

কেৱল ক্ষুদ্ৰ উদ্যোগেই নহয়, বৃহৎ উদ্যোগ গোষ্ঠীয়েও ইয়াৰ দ্বাৰ প্ৰভাৱিত হয় | 

ইয়াৰ ওপৰিও দেশৰ আগশাৰী বিত্তীয় প্ৰতিষ্ঠানসমূহে ঋণ প্ৰদান আৰু পৰিশোধৰ ক্ষেত্ৰত যতেষ্ঠ লোকচানৰ সন্মুখীন হবলগীয়া হয় | উচ্চ হাৰৰ NPA অৰ্থাৎ Non Performing Assets ৰ কু প্ৰভাৱ ৰাজহুৱা খণ্ডৰ বেংকসমূহত পৰে, যাৰ পৰিণতিত এই বিত্তীয় প্ৰতিষ্ঠানসমূহ ক'মালৈ যোৱাৰ উপক্ৰম হয় | বৃহৎ বৃহৎ প্ৰতিষ্ঠানে তেওঁলোকৰ ব্যায় সংকোচনৰ ন ন পদ্ধতি অৱলম্বন কৰিও বিফল হয় | যাৰ ফলত চাকৰি হেৰুৱাবলগীয়া হয় লাখ লাখ কৰ্মচাৰীয়ে | নিবনুৱাৰ সংখ্যা কমাৰ সলনি ভয়ংকৰ ৰূপ ধাৰণ কৰে | এনডিএ চৰকাৰৰ ত্ৰুটিপূৰ্ণ অৰ্থনৈতিক নীতিৰ ফলত GST ৰ দৰে কৰ ব্যৱস্থাই ভাৰতীয় অৰ্থনীতিৰ মূল পথাৰত কুঠাৰাঘাত কৰে | GST ৰ বিমুদ্ৰাকৰণতকৈ অধিক কু প্ৰভাৱ পৰে গ্ৰাম্য অৰ্থনীতিত তথা সৰু সৰু ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত | এই প্ৰতিষ্ঠানসমূহে GSTN বা GST নেটৱৰ্কলৈ প্ৰব্ৰজন হোৱাৰ ফলত প্ৰতিষ্ঠানসমূহৰ ব্যৱসায়িক সংকোচন দিনে দিনে বৃদ্ধি হবলৈ ধৰে আৰু ইয়ে ব্যৱসায়িক শৃংখলক প্ৰভাৱিত কৰে | ক্ষতিৰ মুখ বৃহত প্ৰতিষ্ঠানসমূহেও দেখিব লগা হয় | তদুপৰি মোডীৰ শাসনকালত দেশত সংঘটিত কেতবোৰ নীৰৱ দুৰ্নীতিৰ লগতে অত্যাধিক চৰকাৰী ব্যায় আদিও অৰ্থনৈতিক বিপৰ্যয়ৰ কাৰণ | ভাৰতত বৰ্তমান এক সুস্থিৰ অৰ্থনৈতিক নীতিৰ প্ৰয়োজন আছে | ভাৰতক অৰ্থনৈতিক ভাৱে সবল কৰাৰ শ্লোগানেৰে ক্ষমতালৈ অহা চৰকাৰ খনে তেওঁলোকৰ চলিত অৰ্থনৈতিক নীতি পৰিহাৰ কৰাটো প্ৰয়োজন হৈ পৰিছে | ভাঙি পৰা গ্ৰাম্য অৰ্থনীতিক পুনৰ গঠনৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহন কৰিব লাগিব | তদুপৰি GST ৰ সংশোধন ঘটাই ইয়াৰ দ্বাৰাই দেশৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাত চৰকাৰে গুৰুত্ব দিব লাগিব | চৰকাৰে মনমোহন সিং, ৰঘুৰাম ৰাজন, উৰ্জিত পেটেল, অমৰ্ত্য সেন আদিৰ দৰে অৰ্থনীতিবিদ সকলে ভাৰতীয় অৰ্থনীতিত কেনেদৰে দৃষ্টিপাত কৰিছে তাৰ ওপৰতো গুৰুত্ব দিয়া উচিত | শেষত কেৱল ভাৰততেই অৰ্থনৈতিক বিপৰ্যয় হৈছে এনে নহয়, বিশ্বৰ কেতবোৰ উন্নত আৰু উন্নয়নশীল দেশসমূহেও এনে বিপৰ্যয়ৰ সন্মূখীন হৈছে | বিশ্ব অৰ্থনীতিৰ এই মন্দাৱস্থাই যাতে বিশ্বৰ এক বৃহৎ আবাদীত প্ৰভাৱ পেলাব নোৱাৰে তাৰ যোৰা মাৰিবলৈ কানাডাত শিল্পন্নোত তথা চহকী সাতখন দেশৰ গোষ্ঠী জি-চেভেনৰ বিত্তমন্ত্ৰী সকলৰ এক সন্মিলন আহ্বান কৰা হৈছিল | অৱশ্যে বিশ্ব অৰ্থনীতিৰ ভৰকেন্দ্ৰ স্বৰূপ ভাৰত, চীন, ৰাছিয়া বা ব্ৰাজিলৰ দৰে জি-টুৱেন্টিৰ অন্তৰ্ভুক্ত দেশ সমূহৰ অনুপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকে কোনো উল্লেখযোগ্য গুৰুত্ব নপোৱাটোৱেই স্বাভাৱিক | বিশ্ব অৰ্থনীতিৰ এই সংকটৰ সময়ত বিশ্বৰ অৰ্থনৈতিক সবল ৰাষ্ট্ৰসমূহে এক সমাধান সূত্ৰ উলিয়াব লাগিব | অন্যথা অৰ্থনৈতিক সংকটে পৃথিৱীৰ এচুকত মানৱতাক ভু লণ্ঠিত কৰিব |


Comments

Popular posts from this blog

Ethnic Conflict in Nagaland, Nagalim & Assam Controversy

 Imran Hussain Al Ameen , MA , LL.B  JORHAT THE CONFLICT : The ethnic conflict in Nagaland, in northeastern India, is an ongoing conflict fought between the ethnic Nagas and the governments of India and Myanmar. Nagaland inhabited by the Nagas is located at the tri-junction border of India on the West and South, north and Myanmar on the East. Naga terrirtory" existed with "Full Sovereignty" before the advent of the British colonial expansionism in 1881. In 1947, the people of India and the Naga territory became independent from British rule. As early as January 10, 1929, Naga had informed the British government that they would not join the Union of India. Nagaland declared independence on 14th of August 1947, one day before India gets independence from the British. After India regain sovereignty from British colonial rule on 15th-August-1947, India included Nagaland which was previously known as Naga Hills (an independent nation) as part of Assam. The existing Naga...

লাভ জেহাদঃ এক দানৱীয় প্ৰবৃত্তি নে কাল্পনিক অৱধাৰণা ?

ইমৰাণ হুছেইন আল আমিন যোৰহাট সততে প্ৰশ্ন উত্থাপন হয় মুছলমান যুৱকে হিন্দু যুৱতীৰ লগত প্ৰেম কৰিব নোৱাৰে নেকি? নাইবা হিন্দু যুৱকে মুছলমান যুৱতীৰ সৈতে প্ৰেম কৰিব নোৱাৰে নেকি  ? কিয় নোৱাৰিব বাৰু ! নিশ্চয় পাৰে | কথাতে কয় নহয় - "তোৰো মনে গলে/মোৰো মনে গলে কি কৰিব জাতি কুলে"? গতিকে লাভ জেহাদৰ ধাৰণাটো অসমৰ উদাৰ সমাজ ব্যৱস্থাই পোনচাতেই নাকচ কৰি দিছে |   বিয়া বাৰুৰ ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্থা যিমানেই কঠোৰ নহওক কিয়, অসবৰ্ণ বিবাহৰ প্ৰচলন অসমত অতীজৰে পৰাই আছে।হিন্দু মুছলিম বিবাহ পাশত আবদ্ধ হৈ সুখৰ সংসাৰ চলাই থকাৰ উদাহৰণ অলেখ আছে ।ৰাণী নৰহ ভৰত নৰহৰ যুটিক কোনে পাহৰিব পাৰিব? এইটো স্বীকাৰ কৰিব লাগিব যে অসবৰ্ণ বিবাহৰ ক্ষেত্ৰত কঠোৰ সামাজিক  প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব লগা হয় যদিও শেষত সমাজ তথা পৰিয়ালে এই বিবাহ মানি লবলৈ বাধ্য হয় ।সেয়া লাগিলে জীৱনৰ অন্তিম সময়তে নহওক কিয়! গতিকে অসবৰ্ণ বিবাহক লৈ বৰ্তমান প্ৰেক্ষাপটত হৈ থকা টনা আজোৰা লৈ ভয় খাব নালাগে | নিঃস্বাৰ্থ প্ৰেম, স্বৰ্গীয় প্ৰেম আদি উপমাৰে বিভূষিত প্ৰেমক কোনেও দাগ লগাব নোৱাৰে | স্বয়ং ভগৱানেও নহয় |গতিকে মুছলমান যুৱকে হিন্দু যুৱতীৰ সৈতে প্ৰেমপ...

Rohingya Crisis & Threat to India , Specially North - East

Imran Hussain Al Ameen , MA , LL.B  Jorhat  Hundreds of thousands of Rohingya Muslims have been forced to flee from their homes in Myanmar. But who are the Rohingya? What is happening to them? Is it genocide and what can be done about it? We answer all of your questions below. Amnesty International describes the Rohingya as "one of the most persecuted minorities in the world". More than one million people from the mainly-Muslim minority group lived in Myanmar at the start of 2017, with the majority in Rakhine State. The government of Myanmar, a predominately Buddhist country, claims the Rohingya people are illegal immigrants from neighbouring Bangladesh and has denied them citizenship, leaving them stateless. The Rohingya - who have their own language and culture - say they are descendants of Muslim traders who have lived in the region for generations. The systematic discrimination against the Rohingya people has left them living in deplorable conditions and se...