Skip to main content

লাভ জেহাদঃ এক দানৱীয় প্ৰবৃত্তি নে কাল্পনিক অৱধাৰণা ?

ইমৰাণ হুছেইন আল আমিন

যোৰহাট


সততে প্ৰশ্ন উত্থাপন হয় মুছলমান যুৱকে হিন্দু যুৱতীৰ লগত প্ৰেম কৰিব নোৱাৰে নেকি? নাইবা হিন্দু যুৱকে মুছলমান যুৱতীৰ সৈতে প্ৰেম কৰিব নোৱাৰে নেকি  ? কিয় নোৱাৰিব বাৰু ! নিশ্চয় পাৰে | কথাতে কয় নহয় - "তোৰো মনে গলে/মোৰো মনে গলে কি কৰিব জাতি কুলে"? গতিকে লাভ জেহাদৰ ধাৰণাটো অসমৰ উদাৰ সমাজ ব্যৱস্থাই পোনচাতেই নাকচ কৰি দিছে |   বিয়া বাৰুৰ ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্থা যিমানেই কঠোৰ নহওক কিয়, অসবৰ্ণ বিবাহৰ প্ৰচলন অসমত অতীজৰে পৰাই আছে।হিন্দু মুছলিম বিবাহ পাশত আবদ্ধ হৈ সুখৰ সংসাৰ চলাই থকাৰ উদাহৰণ অলেখ আছে ।ৰাণী নৰহ ভৰত নৰহৰ যুটিক কোনে পাহৰিব পাৰিব? এইটো স্বীকাৰ কৰিব লাগিব যে অসবৰ্ণ বিবাহৰ ক্ষেত্ৰত কঠোৰ সামাজিক  প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব লগা হয় যদিও শেষত সমাজ তথা পৰিয়ালে এই বিবাহ মানি লবলৈ বাধ্য হয় ।সেয়া লাগিলে জীৱনৰ অন্তিম সময়তে নহওক কিয়! গতিকে অসবৰ্ণ বিবাহক লৈ বৰ্তমান প্ৰেক্ষাপটত হৈ থকা টনা আজোৰা লৈ ভয় খাব নালাগে | নিঃস্বাৰ্থ প্ৰেম, স্বৰ্গীয় প্ৰেম আদি উপমাৰে বিভূষিত প্ৰেমক কোনেও দাগ লগাব নোৱাৰে | স্বয়ং ভগৱানেও নহয় |গতিকে মুছলমান যুৱকে হিন্দু যুৱতীৰ সৈতে প্ৰেমপাশত আবদ্ধ হোৱা বা হিন্দু যুৱকে মুছলমান যুৱতীৰ প্ৰেমপাশত আবদ্ধ হোৱাটোক লাভ জেহাদ বুলি ধৰি প্ৰেমক কলংকিত কৰাটো এক মাৰাত্মক কথা । কাৰণ প্ৰেমক অপমান কৰা মানে নিজৰ জন্ম বৃত্তান্তৰ ওপৰতে প্ৰশ্ন উত্থাপন কৰাৰ লেখিয়া | গতিকে প্ৰেমৰ সদায় জয় হওক আৰু হবই | অসবৰ্ণ বিবাহৰ বাট যদিও সমাজত কন্টকাকীৰ্ণ হৈ আছে তথাপিও অসবৰ্ণ বিবাহ সমাজৰ বাবে এতিয়াও ব্যাধি ৰূপে থিয় দিয়া নাই । অসবৰ্ণ বিবাহে দুই প্ৰেমিক যুগলক সমাজচ্যূত কৰাৰো উদাহৰণ অলেখ আছে আৰু সমাজচ্যূত হৈও প্ৰেমক জীয়াই ৰাখিবলৈ এক নতুন সমাজৰ জন্ম দিয়াৰ পণ লৈ প্ৰেমৰ বাবে জীৱনৰ সৰ্বস্ব উজাৰি ত্যাগ কৰাৰো অলেখ উদাহৰণ আছে | কোনো আধুনিক মনৰ  মানুহ অসবৰ্ণ বিবাহৰ পৰিপন্থী হ'ব নোৱাৰে। আৰু কাৰো ভয়-ভাবুকিয়েও প্ৰেমৰ গতি কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰিব | প্ৰেম যুগে যুগে চলি থাকিব, সেয়া লাগিলে অসবৰ্ণই নহওক কিয়! আচলতে প্ৰেমে এইবোৰ শব্দ বুজি নাপায় | 

প্ৰেমে হৃদয়ৰ কথা শুনে, মগজুৰ নহয় | এইখিনিলৈকে সকলো ঠিকেই আছে, কিন্তু লাভ জেহাদৰ কথা কেনেকৈ আহিল? লাভ জেহাদ এক কাল্পনিক অৱধাৰণা নেকি?নে লাভ জেহাদ এটা জাতিক নিঃশেষ কৰি দিয়াৰ প্ৰৱণতাৰ পৰা জন্ম লোৱা এক বিকৃত অমানসিক চিন্তা বা মতবাদ ? লাভ জেহাদ বাৰু এনেকুৱা কথা নেকি যে কোনো নিৰ্দিষ্ট ধৰ্মক সেও প্ৰতিপন্ন কৰিবলৈ চলোৱা   এটা 'প্ৰপাগাণ্ডা'? পোন প্ৰথমবাৰৰ বাবে ২০০৯ চনত কেৰেলাৰ ওপৰিও কৰ্নাটকত লাভ জেহাদৰ দৰে ঘটনা পোহৰলৈ আহে | ডিজিপি জেকৱ পুন্নছে কেৰেলা উচ্চ ন্যায়ালয়ত দাখিল কৰা এক তথ্যত লাভ জেহাদৰ দৰে 'কনচেপ্ট' আগবঢ়োৱা হয় | সেই সময়ত ১৮ টা অসবৰ্ণ বিবাহক লৈ আগবঢ়োৱা টোকাত ডিজিপি গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, তিনিটাৰ বাহিৰে বাকীকেইটা ঘটনাত যুৱতী গৰাকীক ধৰ্মান্তৰিত কৰাৰ চক্ৰান্তৰেহে প্ৰেমৰ জালত বন্দী কৰা হৈছে | অৱশ্যে কেৰেলা উচ্চ ন্যায়ালয়ে এনে তথ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত লাভ জেহাদৰ নামত ৰুজু হোৱা গোচৰৰ তদন্ত স্থগিত কৰাৰ নিৰ্দেশ দিয়ে | আৰু ইয়াৰ পিছত লাহে লাহে অসবৰ্ণ প্ৰেমে লাভ জেহাদৰ নাম পায় |


লাভ জেহাদৰ ধাৰণাটো মানুহৰ মনলৈ নাহিলেই হেতেন যদিহে যুৱক যুৱতীৰ মাজত সৃষ্টি হোৱা এই প্ৰেমৰ মাজত চলনাৰ কথাটো নাহিলহেতেন। প্ৰেমত চলনাও থাকিব পাৰে | প্ৰেমৰ ক্ষেত্ৰত চলনাই কেতিয়াবা এক কঠোৰ বাস্তৱ হিচাপে থিয় দিয়ে | প্ৰেমত চলনাৰ বলি হৈ কিমান পাহি কলিতে মৰহি গৈছে তাৰ হিচাপ নাই | কিন্তু যেতিয়া এই চলনাই অসবৰ্ণ দুই প্ৰেমিক যুগল নাইবা বিবাহ পাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলা এজনী ছোৱালীৰ ক্ষেত্ৰত হয় তেতিয়া তাক লাভ জেহাদৰ দৃষ্টিৰে চোৱা যায় | বিষয়টো আৰু সহজকৈ উপস্থাপন কৰিব গলে উদাহৰণ সৈতে বুজাব লাগিব, ধৰি লোৱা যাওক 'পল্লৱী' নামৰ কোনো হিন্দু ছোৱালীয়ে 'সন্তোষ' নামৰ ল'ৰা এজনক ভাল পালে, এতিয়া 'সন্তোষ' হ'ল ঘৰত মাতা নাম | আচল নাম সমসেৰ আলী | বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতহে গম পালে ল'ৰাজনৰ প্ৰকৃত নাম 'সন্তোষ' নহয় সমসেৰ আলীহে  । এতিয়া 'পল্লৱী'য়ে 'সন্তোষ'ৰ সৈতে প্ৰেম কৰাটো লাভ জেহাদ বুলি কব নোৱাৰি | কিন্তু 'পল্লৱী'ৰ সৈতে সমসেৰে 'সন্তোষ' নামৰ আঁৰ লৈ কৰা প্ৰেমটোক প্ৰচলিত সমাজ ব্যৱস্থাই লাভ জেহাদ বুলি আখ্যায়িত কৰিব । কৰাৰে কথা, কিয়নো প্ৰেমৰ পৰা বিয়ালৈ এক দীঘলীয়া প্ৰক্ৰিয়া | সমসেৰৰ হাতত যতেষ্ঠ সময় থকাৰ পিছতো বিবাহৰ পূৰ্বে কিয় এবাৰো নিজৰ আচল পৰিচয় দিয়াৰ প্ৰয়োজনবোধ নকৰিলে ? সৰ্বস্ব উজাৰি দি, সমাজ তথা পৰিয়ালৰ ভয়ংকৰ প্ৰতিৰোধক নেওচা দি সমসেৰৰ সৈতে প্ৰেম কৰাটো 'পল্লৱী'ৰ দোষ আছিল নেকি ? 'পল্লৱী'ৰ দোষ নাছিল | | আছিল মাথো সমসেৰ আলীৰ প্ৰতাৰণা আৰু প্ৰতাৰণা | গতিকে ইয়াক লাভ জেহাদ বুলি কিয় আখ্যা দিব নালাগে সেয়া নিজকে নিজে যুক্তিৰে বুজাই থাকক | ইয়াক লাভ জেহাদ নাম নিদিয়ালৈ আপুনি আস্বস্ত হব নোৱাৰিব | লাভ জেহাদ বুলি কবই লাগিব | 


প্ৰতাৰণাৰ মাধ্যমত প্ৰেম হব নোৱাৰে | প্ৰথমতেই আলোচনা কৰি আহিছো , প্ৰেম স্বৰ্গীয় অনুভুতি বুলি । লাভ জেহাদ দানৱীয় প্ৰভৃতিৰ লগতে মানসিক ব্যাধিও ।  অকল ফুচুলাই ছোৱালী এজনী পলুৱাই নিয়াতেই ই সীমাবদ্ধ নাথাকে। কেতিয়াবা কেতিয়াবা ইয়াৰ লগত বৃহৎ নাৰী সৰ্বৰাহ চক্ৰও জড়িত হৈ থাকিব পাৰে । অসম আৰক্ষীয়ে এনে ধৰণৰ শতাধিক গোচৰ ৰুজু কৰি তদন্ত চলাই আছে | ভুৱা পৰিচয়েৰে হিন্দু ছোৱালী এজনী মুচলমান ল'ৰাই পলুৱাই নি বিয়া  কৰাই সংসাৰ কৰি জীৱন নিৰ্বাহ কৰাতেই লাভ জেহাদ শেষ হোৱা হলেও এটা দিশৰ পৰা সিমান আতংকিত হ'বলগীয়া নহয় যদিও, লাভ জেহাদ প্ৰকৰণৰ লগত নাৰী সৰ্বৰাহ চক্ৰ জড়িত হৈ থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিছত লাভ জেহাদক সামাজিক ব্যাধি আখ্যা নিদিয়াটো মূৰ্খামি হ'ব।গতিকে হিন্দু সমাজ আতংকিত হোৱাৰ যতেষ্ঠ থল আছে | আৰক্ষী এজনৰো পৰিয়াল আছে ! তেওঁ নিজৰ পৰিয়ালটোৰ কথা চিন্তা কৰি কিবা নকৰিবলগীয়া কাম কৰিলে আপুনি সেয়া কি বুলি কব, সেই চিন্তা আপোনাৰ হাততে এৰিলো |


প্ৰেম সকলোৱেই কৰক। হিন্দু, মুছলমান,বুদ্ধ,জৈন, খ্ৰীষ্টিয়ান,আস্থিক,নাস্থিক  সকলোৱে কৰক। হিন্দুৱে মুচলমানৰ লগত কৰক। মুছলিমে হিন্দুৰ লগত কৰক। খ্ৰীষ্টানে জৈনৰ লগত কৰক।  যাৰে লগত মন মিলে তাৰে লগত প্ৰেম কৰক। চৰ্ত এটাই হব লাগে ,লোক চক্ষুৰ আঁৰ লৈ নহয় । অসবৰ্ণ প্ৰেম সমাজক দেখুৱাই কৰক |গোপনীয়তাৰ পৰ্দাখন পুৰি পেলাওক |সেই গোপনীয়তাৰ পৰ্দাখনৰ  সেইটো পাৰে অক্টোপাছৰ দৰে হাতোঁৰা মেলি বহি থাকে নাৰী সৰ্বৰাহকাৰী দালাল চক্ৰটো লগতে সম্পসাৰণবাদী মৌলবাদী শক্তি এটাও এই ষড়যন্ত্ৰৰ আঁৰত থাকিব পাৰে |


অসবৰ্ণ বিবাহ অপৰাধ নহলেও  ভুৱা পৰিচয়ৰে চলনা কৰি প্ৰেমৰ জালত পেলোৱাটো অক্ষনমনীয় অপৰাধ। ইয়াক আইনী অপৰাধ বুলি স্বীকৃতি দি চৰকাৰে আইন প্ৰণয়ন কৰাৰ সময় আহি পৰিছে |এই সম্পৰ্কে জনমত গঠন কৰি চৰকাৰী পক্ষৰ গা লৰাবৰ সময় সমাগত হৈছে অন্যথা ইয়াৰ পিছত এনে চক্ৰৰ কৱলত হয়তো আপোনাৰ পুত্ৰী বা ভগ্নীয়ে ভৰি দিবলৈ গৈ আছে ।

Comments

Popular posts from this blog

Ethnic Conflict in Nagaland, Nagalim & Assam Controversy

 Imran Hussain Al Ameen , MA , LL.B  JORHAT THE CONFLICT : The ethnic conflict in Nagaland, in northeastern India, is an ongoing conflict fought between the ethnic Nagas and the governments of India and Myanmar. Nagaland inhabited by the Nagas is located at the tri-junction border of India on the West and South, north and Myanmar on the East. Naga terrirtory" existed with "Full Sovereignty" before the advent of the British colonial expansionism in 1881. In 1947, the people of India and the Naga territory became independent from British rule. As early as January 10, 1929, Naga had informed the British government that they would not join the Union of India. Nagaland declared independence on 14th of August 1947, one day before India gets independence from the British. After India regain sovereignty from British colonial rule on 15th-August-1947, India included Nagaland which was previously known as Naga Hills (an independent nation) as part of Assam. The existing Naga...

What Is The Blue Whale Challenge And How to Protect Your Loved Ones

Imran Hussain Al Ameen Jorhat The Blue Whale is neither fish nor fowl but a ‘killer’ online game of inflating proportions that nobody has reliably encountered. It is a sequence of online ‘dares’ that participants must progressively engage in to get ahead. These include etching a blue whale on your skin and jumping off buildings. There have been at least three reported suicides in India of youths who, according to media reports, were playing or had searched for the game online. Importantly, police officials have so far claimed that there is no evidence that these youths took their lives following instructions from the game. There is also no report of authorities actually encountering this game online in India. This, however, hasn’t stopped Members of Parliament from demanding that Facebook and Microsoft work to remove all online links to the game. The origins of this game and reportage surrounding it have been in Central Asian countries, including Kazakhstan, Kyrgyzstan and Russia. ...