Skip to main content

পৃথিৱীৰ হাওঁফাওঁ জ্বলিছে....


পৃথিৱী নামৰ গ্ৰহটোক ২০ শতাংশ অক্সিজেনৰ যোগান ধৰা "আমাজন ৰেইন ফৰেষ্ট" তথা আমাজন বৰ্ষাৰণ্য বৰ্তমান শতিকাটোৰ সৰ্ববৃহৎ বন জুইৰ কবলত | গ্ৰীষ্মমণ্ডলীয় এই বৰ্ষাৰণ্যক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় | আমাজনত সৃষ্টি হোৱা দাবালনৰ কাৰণে  মাইলৰ পিছত মাইল জুৰি জুইৰ লেলিহান শিখাই চানি ধৰিছে বনাঞ্চলটো | আন্তৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ISS ৰ পৰা মহাকাশ  বিজ্ঞানীসকলে লক্ষ্য কৰা অনুসৰি জুইৰ ফলত সৃষ্টি হোৱা ধোঁৱাই দানৱৰ আকৃতি লৈছে  | উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বিশ্ব | পৰিৱেশ বিজ্ঞানী সকলৰ মতে এয়া মানৱ  সভ্যতা ধ্বংসৰ আগজাননী | আমাজনত সংঘটিত দাবালনৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ব্ৰাজিল | এয়া সচাঁকৈয়ে আন্তৰ্জাতিক সংকট | এই দাবালনৰ ফলত ব্ৰাজিলৰ উত্তৰাঞ্চলৰ ৰোৰাইমা, একাৰ, ৰনডোনিয়া, আৰু আমাজনা ৰাজ্য আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে |
আমাজন জ্বলিছে....... 

বৰ্তমান সময়ত ফেচবুকত যিবোৰ ছবি "হ্যাশট্যাগ প্ৰে ফৰ আমাজনচ্" ( #PrayforAmazonas ) হিচাপে প্ৰচাৰ হৈ আছে সেয়া কেইবা বছৰ পুৰণি ছবি | মানে, এনেকুৱা দাবালন ব্ৰাজিল তথা আমাজনত সংঘটিত হৈয়েই থাকে | অৱশ্যে এই বছৰৰ দৰে  ইমান ভয়ংকৰ নহয় | দ্য নেচনেল  ইন্সটিটিউট ফৰ স্পেচ্ ৰিচাৰ্চ  (আইএনপিই)ৰ মতে তেওঁলোকৰ উপগ্ৰহৰ পৰা পোৱা তথ্য অনুসৰি  ২০১৮ ৰ তুলনাত ৮৫ শতাংশ বাঢ়িছে এইবাৰৰ বনজুই |
জুইৰ লেলিহান শিখাই চানি ধৰিছে আমাজন 

জুলাইৰ পৰা অক্টোবৰ মাহ পৰ্য্যন্ত আমাজন তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জলবায়ু তুলনামূলক ভাৱে শুকান থাকে আৰু এইটো সময়তে বনজুইৰ সৃষ্টি হয় | ই সম্পূৰ্ণ প্ৰাকৃতিক | ইয়াৰ ওপৰিও বনাঞ্চলৰ পৰা কাঠ সংগ্ৰহৰ বাবে নাইবা পোহনীয়া জীৱ জন্তু চ'ৰাবৰ বাবেও ঠাই মুকলি কৰিবলৈ জানি বুজি জংঘলত  অগ্নি সংযোগ কৰা হয় | ব্ৰাজিলৰ বেচৰকাৰী সংস্থা সমূহৰ মতে ব্ৰাজিল চৰকাৰে বন ধ্বংসৰ বাবে ইয়াৰ মানুহক সদায় উৎসাহ যোগাই আহিছে যাৰ ফলত আজিৰ এই অৱস্থা | আমাজনৰ দৰে ক্যালিফোর্নিয়াতো শতিকাৰ বৃহৎ দাবালনে ছানি ধৰিছে | ইতিমধ্যে ইয়াত আঠজন লোকে প্ৰাণ হেৰুৱাইছে | আন বিশ হাজাৰ লোকে নিজৰ ঘৰ দুৱাৰ এৰি পলাবলগীয়া হৈছে | নিসন্দেহে এইবোৰ  পৰিঘটনা বিশ্ব মানৱজাতিৰ বাবে অশনি সংকেত | ই পৃথিৱীৰ বৈদ্যুতিক চম্বুকীয় ক্ষেত্ৰত  ( Electro magnetic fields) প্ৰভাৱ পেলোৱাৰ ওপৰিও  গোলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰিব | ইয়াৰ পৰিনাম কিমান ভয়াবহ হ'ব আমি কল্পনাও কৰিব নোৱাৰিম |
জুই নুমুৱাবলৈ বৃথা চেষ্টা 
এইবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা বিশ্বৰ আগশাৰী দেশ সমূহে আচৰিত ধৰনে মৌনতা অৱলম্বন কৰিছে | ইজনে সিজনক সহায়ৰ হাত আগবঢ়োৱাৰ সলনি বজাৰ দখলৰ চিন্তাত নিমগ্ন হৈছে | কোনোবাই যদি আগবাঢ়ি আহিছে তেওঁক বাকী দেশ সমূহে সন্দেহৰ দৃষ্টিৰে চাইছে | এইবোৰ পৰিহাৰ কৰি মানৱ জাতিৰ মংগলৰ বাবে হাতে হাত মিলাই পৰিৱেশ ৰক্ষাৰ্থে সকলোৱে ওলাই আহিব লাগে | এই ক্ষেত্ৰত ভাৰতৰ কৰিবলগীয়া বহুত আছে |

লেখিকাঃ
পিনাজ ৰহমান 
গড়আলি, যোৰহাট 



Comments

Popular posts from this blog

Ethnic Conflict in Nagaland, Nagalim & Assam Controversy

 Imran Hussain Al Ameen , MA , LL.B  JORHAT THE CONFLICT : The ethnic conflict in Nagaland, in northeastern India, is an ongoing conflict fought between the ethnic Nagas and the governments of India and Myanmar. Nagaland inhabited by the Nagas is located at the tri-junction border of India on the West and South, north and Myanmar on the East. Naga terrirtory" existed with "Full Sovereignty" before the advent of the British colonial expansionism in 1881. In 1947, the people of India and the Naga territory became independent from British rule. As early as January 10, 1929, Naga had informed the British government that they would not join the Union of India. Nagaland declared independence on 14th of August 1947, one day before India gets independence from the British. After India regain sovereignty from British colonial rule on 15th-August-1947, India included Nagaland which was previously known as Naga Hills (an independent nation) as part of Assam. The existing Naga...

লাভ জেহাদঃ এক দানৱীয় প্ৰবৃত্তি নে কাল্পনিক অৱধাৰণা ?

ইমৰাণ হুছেইন আল আমিন যোৰহাট সততে প্ৰশ্ন উত্থাপন হয় মুছলমান যুৱকে হিন্দু যুৱতীৰ লগত প্ৰেম কৰিব নোৱাৰে নেকি? নাইবা হিন্দু যুৱকে মুছলমান যুৱতীৰ সৈতে প্ৰেম কৰিব নোৱাৰে নেকি  ? কিয় নোৱাৰিব বাৰু ! নিশ্চয় পাৰে | কথাতে কয় নহয় - "তোৰো মনে গলে/মোৰো মনে গলে কি কৰিব জাতি কুলে"? গতিকে লাভ জেহাদৰ ধাৰণাটো অসমৰ উদাৰ সমাজ ব্যৱস্থাই পোনচাতেই নাকচ কৰি দিছে |   বিয়া বাৰুৰ ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্থা যিমানেই কঠোৰ নহওক কিয়, অসবৰ্ণ বিবাহৰ প্ৰচলন অসমত অতীজৰে পৰাই আছে।হিন্দু মুছলিম বিবাহ পাশত আবদ্ধ হৈ সুখৰ সংসাৰ চলাই থকাৰ উদাহৰণ অলেখ আছে ।ৰাণী নৰহ ভৰত নৰহৰ যুটিক কোনে পাহৰিব পাৰিব? এইটো স্বীকাৰ কৰিব লাগিব যে অসবৰ্ণ বিবাহৰ ক্ষেত্ৰত কঠোৰ সামাজিক  প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব লগা হয় যদিও শেষত সমাজ তথা পৰিয়ালে এই বিবাহ মানি লবলৈ বাধ্য হয় ।সেয়া লাগিলে জীৱনৰ অন্তিম সময়তে নহওক কিয়! গতিকে অসবৰ্ণ বিবাহক লৈ বৰ্তমান প্ৰেক্ষাপটত হৈ থকা টনা আজোৰা লৈ ভয় খাব নালাগে | নিঃস্বাৰ্থ প্ৰেম, স্বৰ্গীয় প্ৰেম আদি উপমাৰে বিভূষিত প্ৰেমক কোনেও দাগ লগাব নোৱাৰে | স্বয়ং ভগৱানেও নহয় |গতিকে মুছলমান যুৱকে হিন্দু যুৱতীৰ সৈতে প্ৰেমপ...

What Is The Blue Whale Challenge And How to Protect Your Loved Ones

Imran Hussain Al Ameen Jorhat The Blue Whale is neither fish nor fowl but a ‘killer’ online game of inflating proportions that nobody has reliably encountered. It is a sequence of online ‘dares’ that participants must progressively engage in to get ahead. These include etching a blue whale on your skin and jumping off buildings. There have been at least three reported suicides in India of youths who, according to media reports, were playing or had searched for the game online. Importantly, police officials have so far claimed that there is no evidence that these youths took their lives following instructions from the game. There is also no report of authorities actually encountering this game online in India. This, however, hasn’t stopped Members of Parliament from demanding that Facebook and Microsoft work to remove all online links to the game. The origins of this game and reportage surrounding it have been in Central Asian countries, including Kazakhstan, Kyrgyzstan and Russia. ...