Skip to main content

Posts

Showing posts from 2019

কোন দিশে গতি কৰিছে ভাৰতীয় অৰ্থনীতি ?

লেখিকাঃ পিনাজ ৰহমান, গড়আলি, যোৰহাট | বৰ্তমান দেশৰ অৰ্থনৈতিক অৱস্থা উদ্বেগজনক বুলি মন্তব্য কৰিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট অৰ্থনীতিবিদ ড০ মনমোহন সিংয়ে | বৰ্তমান চৰকাৰৰ চূড়ান্ত অব্যবস্থাপনাই দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মূল কাৰণ বুলি বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে কৈছে | দেশৰ মুঠ দেশীয় উৎপাদনৰ প্ৰবৃদ্ধি চলিত বিত্তীয় বৰ্ষত (২০১৯-২০২০) হৈছে গৈ ৫ শতাংশ | ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৩০ জুন পৰ্য্যন্ত এই হাৰ আছিল ৮ শতাংশ ! হঠাৎ দেশত এই অৰ্থনৈতিক বিপৰ্যয় কিয়  ?  দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মূল কাৰণ হিচাপে আগবঢ়োৱা বিভিন্ন কাৰক সমূহৰ ভিতৰত বিমুদ্ৰাকৰণ এটা মূখ্য বিষয় | ১৩০ কৌটি জনতাৰ দেশত  হঠাৎ বিমুদ্ৰাকৰণৰ দৰে হঠকাৰী সিদ্ধান্ত লোৱাৰ ফলত দেশৰ ক্ষুদ্ৰ উদ্যোগৰ লগতে গ্ৰাম্য অৰ্থনীতিত ইয়াৰ কুপ্ৰভাৱ পৰে | ভাৰতৰ গাওঁ অঞ্চলসমূহত ব্যৱসায় বাণিজ্য মূলত নগদ ধনৰ ওপৰত ভিত্তি কৰি চলে | এনে চলমান অৰ্থনীতিৰ ওপৰত নগদ ধনৰ নাটনিয়ে প্ৰভাৱ পেলায় | নগদ ধনৰ অভাৱৰ ফলত ক্ৰয় বিক্ৰয়ত যতেষ্ঠ  প্ৰভাৱিত কৰে | যোগান ধৰাসকলে নগদ ধনৰ অভাৱত চাহিদা অনুসৰি যোগান ধৰিবলৈ অক্ষম হয় | যাৰ ফলত বহু ক্ষুদ্ৰ উ...

পৃথিৱীৰ হাওঁফাওঁ জ্বলিছে....

পৃথিৱী নামৰ গ্ৰহটোক ২০ শতাংশ অক্সিজেনৰ যোগান ধৰা "আমাজন ৰেইন ফৰেষ্ট" তথা আমাজন বৰ্ষাৰণ্য বৰ্তমান শতিকাটোৰ সৰ্ববৃহৎ বন জুইৰ কবলত | গ্ৰীষ্মমণ্ডলীয় এই বৰ্ষাৰণ্যক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় | আমাজনত সৃষ্টি হোৱা দাবালনৰ কাৰণে  মাইলৰ পিছত মাইল জুৰি জুইৰ লেলিহান শিখাই চানি ধৰিছে বনাঞ্চলটো | আন্তৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ISS ৰ পৰা মহাকাশ  বিজ্ঞানীসকলে লক্ষ্য কৰা অনুসৰি জুইৰ ফলত সৃষ্টি হোৱা ধোঁৱাই দানৱৰ আকৃতি লৈছে  | উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বিশ্ব | পৰিৱেশ বিজ্ঞানী সকলৰ মতে এয়া মানৱ  সভ্যতা ধ্বংসৰ আগজাননী | আমাজনত সংঘটিত দাবালনৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ব্ৰাজিল | এয়া সচাঁকৈয়ে আন্তৰ্জাতিক সংকট | এই দাবালনৰ ফলত ব্ৰাজিলৰ উত্তৰাঞ্চলৰ ৰোৰাইমা, একাৰ, ৰনডোনিয়া, আৰু আমাজনা ৰাজ্য আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে | আমাজন জ্বলিছে.......  বৰ্তমান সময়ত ফেচবুকত যিবোৰ ছবি " হ্যাশট্যাগ প্ৰে ফৰ আমাজনচ্" ( #PrayforAmazonas ) হিচাপে প্ৰচাৰ হৈ আছে সেয়া কেইবা বছৰ পুৰণি ছবি | মানে, এনেকুৱা দাবালন ব্ৰাজিল তথা আমাজনত সংঘটিত হৈয়েই থাকে | অৱশ্যে এই বছৰৰ দৰে  ইমান ভয়ং...