ইমৰাণ হুছেইন আল আমিন যোৰহাট সততে প্ৰশ্ন উত্থাপন হয় মুছলমান যুৱকে হিন্দু যুৱতীৰ লগত প্ৰেম কৰিব নোৱাৰে নেকি? নাইবা হিন্দু যুৱকে মুছলমান যুৱতীৰ সৈতে প্ৰেম কৰিব নোৱাৰে নেকি ? কিয় নোৱাৰিব বাৰু ! নিশ্চয় পাৰে | কথাতে কয় নহয় - "তোৰো মনে গলে/মোৰো মনে গলে কি কৰিব জাতি কুলে"? গতিকে লাভ জেহাদৰ ধাৰণাটো অসমৰ উদাৰ সমাজ ব্যৱস্থাই পোনচাতেই নাকচ কৰি দিছে | বিয়া বাৰুৰ ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্থা যিমানেই কঠোৰ নহওক কিয়, অসবৰ্ণ বিবাহৰ প্ৰচলন অসমত অতীজৰে পৰাই আছে।হিন্দু মুছলিম বিবাহ পাশত আবদ্ধ হৈ সুখৰ সংসাৰ চলাই থকাৰ উদাহৰণ অলেখ আছে ।ৰাণী নৰহ ভৰত নৰহৰ যুটিক কোনে পাহৰিব পাৰিব? এইটো স্বীকাৰ কৰিব লাগিব যে অসবৰ্ণ বিবাহৰ ক্ষেত্ৰত কঠোৰ সামাজিক প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব লগা হয় যদিও শেষত সমাজ তথা পৰিয়ালে এই বিবাহ মানি লবলৈ বাধ্য হয় ।সেয়া লাগিলে জীৱনৰ অন্তিম সময়তে নহওক কিয়! গতিকে অসবৰ্ণ বিবাহক লৈ বৰ্তমান প্ৰেক্ষাপটত হৈ থকা টনা আজোৰা লৈ ভয় খাব নালাগে | নিঃস্বাৰ্থ প্ৰেম, স্বৰ্গীয় প্ৰেম আদি উপমাৰে বিভূষিত প্ৰেমক কোনেও দাগ লগাব নোৱাৰে | স্বয়ং ভগৱানেও নহয় |গতিকে মুছলমান যুৱকে হিন্দু যুৱতীৰ সৈতে প্ৰেমপ...
Assam Civil Service Academy is the Largest Online Community for ACS , AJS , Civil Services Exam Aspirants. We provides Previous Question Papers , Syllabus, NCERT Books , Current Affairs , Online ACS , AJS Coaching Study Materials , Books , Free Downloads, ACS , AJS Test Series , Toppers News,Interviews,Articles,Tips & Tricks and much more...