পৃথিৱী নামৰ গ্ৰহটোক ২০ শতাংশ অক্সিজেনৰ যোগান ধৰা "আমাজন ৰেইন ফৰেষ্ট" তথা আমাজন বৰ্ষাৰণ্য বৰ্তমান শতিকাটোৰ সৰ্ববৃহৎ বন জুইৰ কবলত | গ্ৰীষ্মমণ্ডলীয় এই বৰ্ষাৰণ্যক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় | আমাজনত সৃষ্টি হোৱা দাবালনৰ কাৰণে মাইলৰ পিছত মাইল জুৰি জুইৰ লেলিহান শিখাই চানি ধৰিছে বনাঞ্চলটো | আন্তৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ISS ৰ পৰা মহাকাশ বিজ্ঞানীসকলে লক্ষ্য কৰা অনুসৰি জুইৰ ফলত সৃষ্টি হোৱা ধোঁৱাই দানৱৰ আকৃতি লৈছে | উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বিশ্ব | পৰিৱেশ বিজ্ঞানী সকলৰ মতে এয়া মানৱ সভ্যতা ধ্বংসৰ আগজাননী | আমাজনত সংঘটিত দাবালনৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ব্ৰাজিল | এয়া সচাঁকৈয়ে আন্তৰ্জাতিক সংকট | এই দাবালনৰ ফলত ব্ৰাজিলৰ উত্তৰাঞ্চলৰ ৰোৰাইমা, একাৰ, ৰনডোনিয়া, আৰু আমাজনা ৰাজ্য আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে | আমাজন জ্বলিছে....... বৰ্তমান সময়ত ফেচবুকত যিবোৰ ছবি " হ্যাশট্যাগ প্ৰে ফৰ আমাজনচ্" ( #PrayforAmazonas ) হিচাপে প্ৰচাৰ হৈ আছে সেয়া কেইবা বছৰ পুৰণি ছবি | মানে, এনেকুৱা দাবালন ব্ৰাজিল তথা আমাজনত সংঘটিত হৈয়েই থাকে | অৱশ্যে এই বছৰৰ দৰে ইমান ভয়ং...
Assam Civil Service Academy is the Largest Online Community for ACS , AJS , Civil Services Exam Aspirants. We provides Previous Question Papers , Syllabus, NCERT Books , Current Affairs , Online ACS , AJS Coaching Study Materials , Books , Free Downloads, ACS , AJS Test Series , Toppers News,Interviews,Articles,Tips & Tricks and much more...